मंगलवार, 30 अप्रैल 2013

Thap-Thap (Assamese Translation)



থপ-থপ


গাড়ী কেতিয়া আহিব তাৰ সঠিক খবৰ পাব পৰা নাছিলো৷ ইফালে পিয়াহতে মোৰ ডিঙি লুকাই গৈছিল৷ কিযে আচৰিত স্টেচন এই বাঙ্কুৰা৷পানীৰ পাইপ ফাটি গৈছিল, দুদিন ধৰি পানী অহা নাছিল৷ চাই দেখিলো, প্লেটফৰ্মত খুব বেছি আঠ-দহজনমান মানুহ হব৷ 

পিয়াহত আতুৰ হৈ মই স্টেচনৰ পৰা বাহিৰ ওলাই গলো৷ তিনিজন ৰিক্সাৱালা আছিল৷ এজনক সুধিলত চহৰ যাবলৈ মান্তি হল৷ বহাৰ লগে লগে কলে, “এসপ্তাহ ধৰি চহৰত সংঘৰ্ষ চলি আছে, মই বেছি ভিতৰলৈ নাযাওঁ৷মোৰ বিশ্বাস আছিল যে কোনো ধাবা বা ৰেস্টোঁৰা পাই যাম, চহৰৰ ভিতৰলৈ যোৱাৰ প্ৰয়োজন নহব৷
দহ মিনিটৰ পাছত ৰিক্সাখন ৰৈ যোৱাত মই মনে মনে নামি পৰিলো৷ পইচা দি, নিজৰ বেগটো উঠাই খোজ ললোঁ৷ কোনো খোলা দোকান নেদেখিলো, কোনো মানুহ অহা-যোৱা কৰাও চকুত নপৰিল৷ ঘড়ীলৈ চকু দিলো- ৰেডিয়ামযুক্ত কাঁটাডালে নবজাৰ সংকেট দিছে মাথোন৷ সম্মুখত আলিবাটৰ টি-পইন্ট এটা আহি পৰাত মই মন নকৰাকৈয়ে বাওঁপিনে ঘুৰিলো আৰু এনেকুৱা পৰিস্থিতিত সচৰাচৰ কৰাৰ দৰে --- যি ঘৰৰ সম্মুখত ছয় গণা শেষ হল সেই ঘৰৰ দুৱাৰমুখতে থিয় হৈ দিলো৷ দুৱাৰত ঢকিয়াব খুজি দেখোঁ, দুৱাৰখন এনেই জপাই থোৱা আছে৷ 

ঘৰত কোনোবা আছেনে?” বুলি মাত দিওঁতেই ভিতৰৰ পৰা মাত লগালে, “আহক প্ৰভু৷অতিথিক ভগৱান বুলি মনা কথাটো মই শুনিছিলো, কিন্তু এই প্ৰভুসম্বোধনটো শুনি থতমত খাই গলো৷ পিয়াহে মোৰ শালীনতাৰ সীমাৰ পৰিধি অলপ সৰু কৰি পেলাইছিল৷ ভিতৰ সোমাই গলো আৰু দেখিলো যে এজন শকত-আৱত মানুহে কঁকালত মাথোন গামোছা এখন মেৰিয়াই থিয় হৈ কলৰ বাকলি গুচাই খাই আছে৷ মোক দেখি মিচিকিয়াই হাঁহিলে আৰু কাষৰ চকীখনৰ পিনে ইঙ্গিত দি কলে, “আসন গ্ৰহণ কৰক৷.. নিশ্চয় ভোকে-পিয়াহে আহিছে, লওঁক, কলকে খাওঁক৷তেওঁ হাত আগবঢ়াই দিয়াত মই ডিঙি লৰাই- শুকাই যোৱা ডিঙিৰে কোনোমতে মাত উলিয়াই কলো-, অলপ পানীকে খুৱাওক৷
সেই মহাশয় হয়তো অলপ ধেমেলিয়া প্ৰকৃতিৰ আছিল, নহলে অত্যধিক শালীনপানীৰ বটলৰ লগতে বিয়েৰ আৰু থাম্পচ আপৰ বটলো লৈ আহিল৷ মই গোটেই বটল পানী খালী কৰি দিলো আৰু অলসভাবে কাষৰ চকীখনত বহি পৰিলো- আশা কৰা মতেই তেখেতে কোনো আপত্তি নকৰিলে৷ অত্যন্ত নীৰস বাতাবৰণটো অলপ সজীব কৰিবলৈ মোৰ মুখেৰে ওলাই আহিল, “ এনেকুৱাও হব লাগেনে যে স্টেচনত এটুপিও খোৱা-পানী নাই? চাওঁকচোন, বাধ্য হৈ মই ইমান দূৰ আহিবলগীয়া হমানুহজনে মোৰ পিনে নাচালেই যেন ঘৰলৈ সোমাই অহাৰ বাবে বাধ্য হৈহে কিবা এটা অজুহাত দেখুৱাইছোঁ৷
শৰীৰলৈ অলপ শক্তি অহাত মই থিয় হৈ বিদায় লব খুজিলো – 
'বাৰু, আপোনাক ধন্যবাদ৷ মই আহোঁ৷” 
তেখেতে তপৰাই কলে, “ এনেদৰে কেনেকৈ হব প্ৰভু৷ অভ্যৰ্থনা নকৰাকৈ আপোনাক কেনেকৈ যাবলৈ দিওঁ? সিপুৰীলৈ যোৱাৰ পাছত মোক মোৰ কুল-দেৱতাই কি ক, হাঁ? আপুনি বহক, আহাৰ গ্ৰহণ কৰক৷ ৰাতিৰ কথা, শয়ন-জিৰণ কৰক৷ কিন্তু ক্ষমা কৰিব, আহাৰ আপুনি নিজে বনাই লব লাগিব৷” 

মই এনেকুৱা কোনো অপ্ৰত্যাশিত পৰিস্থিতিৰ কাৰণে সাজু নাছিলো, কিবা কোৱাতকৈ মনে মনে থকাই ভাল বুলি ভাবিলো৷ মনলৈ চিন্তা এটা আহিল আৰু সুধিবৰ মন গল ঘৰৰ বাকী সদস্যবোৰ কলৈ গল বুলি৷ কিন্তু পানী খোৱাৰ পাছত শালীনতাৰ সীমা আকৌ আগৰ স্থানলৈ ওভটি গৈছিল৷ গতিকে সোধাটো অনুচিত বুলি ভাবিলো৷ তেওঁৰ ভোজন আৰু শয়নৰ প্ৰস্তাৱটোৰ বিষয়ে চিন্তা কৰিবলৈ ধৰিলো৷ এটা বেয়া পৰিস্থিতিতো হৈ আছিলেই৷ নাজানো স্টেচনত বা কিমান সময় পাৰ কৰিব লাগিব আৰু উভটি যাবলৈ বা ৰিক্সা পাম নে নাপাম৷ আতিথ্য স্বীকাৰ কৰাটোৱেই মই উচিত দেখিলো৷ 

মই ক'লো. "কওঁক, পাগঘৰটো কোন ফালে আছে৷ একো নহলেও ভাত-দাইলতো মই বনাই ল'ব পাৰিম৷"

দাইল আৰু ভাতৰ কাৰণে পানী উতলিবলৈ দি মই পাগঘৰৰ পৰা ওলাই আহি দ্ৰইংৰুমৰ চকীত বহি পৰিলো৷ পাগঘৰত উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল৷ বেৰত আঁৰি থোৱা ফটো এখনলৈ মোৰ চকু গ'ল৷ চাৰিগৰাকী মহিলা ফটো উঠাৰ ভংগিমাৰে দ্ৰইং-ৰুমৰ এই চকী কেইখনতে বহি আছিল৷ চিনি পাইছিলো৷ অনুমান কৰিলো যে সংঘৰ্ষ চলি থকা কাৰণে পৰিয়ালৰ মহিলাসকলক কোনো নিৰাপদ ঠাইলৈ পঠিয়াই দিয়া হৈছে৷ সেয়েহে ইমান দিন ব্যৱহাৰ নোহোৱা বাবে পাগঘৰত উশাহ বন্ধ হবলগীয়া পৰিবেশ হৈ আছে৷ মোৰ সহানুভুতি উপজিল৷ বেচেৰা পৰিয়ালৰ সদস্যবিলাক৷ ইফালে এই মহাশয়ে ইয়াত ঘৰ পহৰা দি আছে আৰু বাকী লোকবোৰ বা ক'ত কি অৱস্থাত আছে?

এই সাম্প্ৰদায়িক সংঘৰ্ষত লিপ্ত মানুহবোৰ মই বৰ বেয়া পাওঁ৷ মানুহক মাৰ-পিট কৰে, সা-সম্পত্তি জ্বলাই দিয়ে আৰু পাছত সেই ক্ষতিপূৰণৰ নামত গম নোপোৱাকৈ নিজৰেই কঁকাল বেকা হয়৷

এটা মহে কুঁ কুঁৱাই থকা দেখি অভ্যাস বশত: মই ততালিকে হাত চাপৰি মাৰি মহটো চেপেটা কৰি পেলালো৷ কিন্তু সেই মহোদয়ৰ হঠাৎ গৰ্জন শুনি ভয় খাই গ'লো---"দুষ্ট, তুমি ক'ত সাহস পালা হিংসাৰ আশ্ৰয় ল'বলৈ?" 

তেওঁ ডাইনিং টেবুলত থকা ছুৰিখন হাতত তুলি ল'লে৷ মই নাৰ্ভাচ হৈ পৰিলো-- "মহোদয়... কব নোৱাৰাকৈয়ে মই... মই মহ সহ্য কৰিব নোৱাৰো, বহুতো বেমাৰো বিয়পায়- মেলেৰীয়া, ফ্লু..." মই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব বিচাৰিলো৷ 

তেওঁৰ মুখৰ টান হৈ উঠা শিৰবোৰ কিছু নৰম হ'ল আৰু ছুৰিখন আগৰ ঠাইত থৈ দিলে৷ তেওঁৰ দৃষ্টি ডাইনিং টেবুলতেই আছিল-- 

"প্ৰভু, ইয়াত হিংসা কৰা নিষেধ৷ মই মোৰ জীৱন-কালত ইমান হিংসা দেখিছো যে সাধাৰণ কথাতে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাওঁ৷ কিন্তু এতিয়া অনুশোচনা হয়... অলপ ৰ', এতিয়াই আহিছো৷" 

মহোদয় বেগাই ওলাই গ', মোৰ আশংকা আৰু বৃদ্ধি পালে--কোমল হৃদয়ৰ মানুহ যেন লাগিছে, একো অঘটন নঘটালেই হয়৷ অহ, এটা সমাস্যাৰ পৰা হাত সৰাৰ লোভত ক'ত যে সোমাই পৰিলো এতিয়া৷ তেনেতে সেই মহাশয় হাতত এগাঁঠ নোট লৈ সোমাই আহিল আৰু মোৰ হাতত গুজি দি ক'লে-

"যাওক, বজাৰৰ পৰাই কিবা খোৱা-বস্তু লৈ আহক৷ এই ৰন্ধা-বঢ়া কামটো পুৰুষৰ বাবে শোভা নাপায়৷" 

মই চাই দেখিলো, এশটকীয়া নোটৰ গাঁঠ এটা, অৰ্থাৎ একেবাৰে দহ হেজাৰ টকা! তেওঁৰ ফালে চোৱাত ক'লে

"দ্ৰয়াৰৰ তলাটো খুলিব পৰা নাছিলো, ভাঙি দিলো৷ এতিয়া আপুনি এই গাঁঠটো খুলিবৰ প্ৰয়োজন নাই, দোকানীয়ে হিচাব কৰি পইচা লৈ বাকীকিনি ঘুৰাই দিব৷" 

কোনো কথা নকৈ বা একো প্ৰতিবাদ নকৰি মই পাগঘৰলৈ গৈ গেচ বন্ধ কৰিলো আৰু চুপ-চাপ বাহিৰ ওলাই গ'লো৷

বাহিৰৰ পৰিবেশ আগতকৈ ভালেখিনি সলনি হৈ গৈছিল৷ জ্বলি থকা লাইটৰ সংখ্যা কমি গৈছিল৷ এই কথাটো মই বাহিৰ ওলোৱাৰ আগতেই মনত পেলোৱা উচিত আছিল যে চহৰৰ ভিতৰলৈ অহাৰ সময়ত মই সকলো দোকান-পোহাৰ বন্ধ দেখিছিলো৷ হঠাৎ মনলৈ এটা ভাব আহিল৷ জেপত দহ হেজাৰ টকা আছে, উভটি কিয় যাওঁ? এনেকুৱা মনোভাৱৰ মানুহজনৰ বাবে বিশেষ একো সলনি নহ'ব কিন্তু মোৰ দৰে মাহে সাত-আঠশ টকা দৰমহা মানুহৰ বাবেতো বহু কিবা-কিবি হ'ব৷ কিন্তু বিবেক পৃথিবীৰ সকলোতকৈ ডাঙৰ শক্তি, ঈশ্বৰতকৈও বেছি৷ গতিকে আৰু কেইখোজমান যোৱাৰ পাছত উভটি খোজ ল'লো৷ আগতেও সকলো দোকান বন্ধই পাইছিলো৷ 

মহোদয়ক টকাখিনি ঘূৰাই দি ক'লো-

" সকলো দোকান বন্ধ, ঘৰ-বাৰীত কোনো সা-শব্দ নাই৷ এই সংঘৰ্ষ..." 

মহাশয়ে মোৰ পিনে চালে, একো নোকোৱাত মই পাগঘৰলৈ সোমাই গৈ গেচ স্টোভটো আকৌ জ্বলাই দিলো৷ দাইল আৰু চাউল খোলা কেৰাহীত বহাই দি মহাশয়ৰ ওচৰত আহি বহি পৰিলো-- 

"শোৱাৰ ব্যৱস্থা ক'ত হ', বেগটো থৈ মই লুঙীখন পিন্ধিব বিচাৰিছিলো৷" তেওঁৰ টোপনি ধৰা যেন অনুমান হৈছিল৷ গতিকে মই সৰু মাতেৰে সুধিলো৷

স্টেচনৰ পৰা এতিয়ালৈকে মোৰ শৰীৰটো কেইবাবাৰো ঘামেৰে লুতুৰি পুতুৰি হৈছে, কাপোৰ সোলোকাই ভালদৰে হাত-মুখ ধোৱাৰ প্ৰয়োজন আছিল৷ টুপনিয়াই  থাকিয়েই তেওঁ ক'লে

"আপোনাৰ যিটো কোঠা ভাল লাগে তাতেই থিতাপি লওঁক....আৰু আপোনাৰ সেই লুঙীখন উলিয়াই মোক দি দিয়ক৷ বহুদিন হৈ গ'ল লুঙী নিপিন্ধা৷ আৰু এইখিনিও আপুনিয়েই ৰাখক৷" শেষৰ বাক্যটো তেখেতে টেবুলত থকা নোটৰ গাঁঠটোৰ পিনে দেখুৱাই ক'লে৷ 

তেখেতৰ কথা শুনি মই আচৰিত হ'লো৷ ইমান ধনী মানুহ আৰু এখন লুঙী পিন্ধিবলৈ ইমান লোভ! আৰু এতিয়া এই টকাখিনি মোৰ লগত ৰখা কি দৰকাৰ? মহাশয়ে মোক আঠ-দহদিনৰ বাবে অতিথি কৰিব বিচৰা নাইতো? মই কালি কলিকতাত উপস্থিত হৈ চাৰ্ভেৰ ৰিপোৰ্ট জমা দিব লগা আছে৷ 
মই নিজৰ বেগ খুলিলো আৰু হাঁহি মাৰি লুঙীখন উলিয়াই তেখেতৰ হাতত গুজি দিলো৷ ডাইনিং টেবুলত থকা ফলৰ খালী পাচিটোত টকাৰ গাঁঠটো থোৱাৰ পাছত কোঠালীৰ ভিতৰ সোমাই বেগটো থলো৷ চাৰিও পিনে চালো- বা: কি বিশাল আৰু আটক-ধুনীয়া কোঠা! ইমান ধুনীয়াকৈ সজোৱাটাটা-বিৰলা নাইবা আম্বানী ভ্ৰাতৃদ্বয়ৰ কোঠাবোৰো কিজানি এনেকুৱাই৷ যদিহে বহুত পাৰ্থক্য আছে তেনেহলে মোৰ কল্পনাৰ সীমাৱদ্ধতাহে দায়ী৷ মই ভাবিলো, মহাশয়ৰ ধেমেলীয়া স্বভাব বা অঁকৰামি যিয়েই নহওঁক লাগে, একোতো অবাবতে কৰা নাই৷ ধন-বৈভৱে মানুহৰ মানসিকতাৰ পৰিৱৰ্তন আনে, লাগিলে তেওঁলোকৰ শিক্ষা যেনেকুৱাই নহওঁক কিয়৷ 

মোৰ প্ৰিয়গীত, "আগে ভী জানেনা তু, পিছে ভী জানে না তু, জো ভী হে, বচ য়হী এক পল হে" মুখেৰে গুণগুণাই কোঠালিৰ পৰা ওলাই পাগঘৰত সোমালোগৈ-সাত-আঠ মিনিট লাগিল, দাইল-ভাত তৈয়াৰ হৈ গ'ল৷ ৰেকত থকা কাহীঁ-বাতি উলিয়াই ধুই মচি ল'লো আৰু বাহিৰ ওলাই সুধিলো- 

"খোৱা-বোৱা কৰা ভাল নেকি? ৰাতি বাৰ বাজিবৰ হ'ল৷"
শিথিল হৈ পৰি থকা মহাশয় সাৰ পাই উঠিল- ' আপুনি মুখ-হাত ধুলেনে? মই উত্তৰ দিলো, নাই, সম্ভৱ নহয়, কাৰণ মই পিন্ধিবৰ বাবে এযোৰ কাপোৰেই লৈ আহিছিলো ৷ এতিয়া এইযোৰ পিন্ধি মুখ-হাত ধোৱা... চিন্তা কৰিব নালাগে , মই ঠিকে আছো৷ তেওঁ মুখেৰে অদ্ভুত শব্দ এটা কৰি মনে মনে থাকিল৷ মই কল্পনা কৰিব পাৰিছিলো- পৰিয়ালৰ অনুপস্থিতিকে ধৰি, সংঘৰ্ষগ্ৰস্ত এই চহৰৰ তথা তেখেতৰ নিজৰ অৱস্থাওতো শোচনীয়, এনে অৱস্থাত কোন কিমান মুখৰ অথবা স্বাভাবিক হৈ থাকিব পাৰে?

মই ডাইনিং টেবুলত আহাৰ ৰাখি মাত লগালো, "আহাৰ ঠান্ডা হ'ব মহাশয়, উঠক৷" কোনো প্ৰতিক্ৰিয়া চকুত নপৰাত ভাবিলো কিজানি গভীৰ টোপনি, ওচৰলৈ গৈ লাহেকৈ কান্ধত ধৰি জোকাৰিলো৷ তেওঁ যেন ভয় খাই উঠি থিয় হ'ল আৰু হাত-ভৰি বতাহত জোকাৰিবলৈ ধৰিলে৷ মুখেৰে এনেদৰে মাতো ওলাল

" পলা... দুষ্ট...তোমালোক সকলোকে এদিন নহয় এদিন..." মই অলপ ডাঙৰ মাতেৰে ক'ব ল'গা হ'ল তেওঁক তন্দ্ৰা অথবা টোপনিৰ পৰা জগাবলৈ

" ভাত.. ভাত বাঢ়ি দিছো....৷" 

হয়তো সংঘৰ্ষৰ সৈতে লিপ্ত মানুহৰ স'তে ঘটা ঘটনাৰ দৃশ্য টোপনিত জীৱন্ত হৈ পৰিছিল৷ তেওঁ মোলৈ চালে, তাৰ পাছত ভাপ ওলাই থকা ভাত-দাইলখিনিলৈ৷ মই চকীত বহিলত তেৱোঁ বহি পৰিল৷ পাগঘৰত থকা বয়মৰ পৰা আচাৰৰ অলপ মচলা দাইলত মিহলাই দিছিলো৷ খাবলৈ সোৱাদ হৈছিল৷ দুই-তিনি গৰাহমান আহাৰ পেটত পৰাত পৰিবেশটো অলপ পাতল হ'ব ধৰিছিল৷ বহু সময় ধৰি এটা কথা মোৰ ভাল লগা নাছিল৷ মহাশয়ে মোৰ নাম জনা নাছিল, আৰু সংকোচ কৰি মইও তেওঁক নাম সোধা নাছিলো৷--- " কেতিয়াবা আকৌ আপোনাক লগ পাব লাগিলে... মই মোক আলহী সোধা মানুহজনৰ নামেই সোধা নাই..." দুই-তিনি ঘন্টাৰ মূৰত মহাশয়ৰ মুখত পুনৰ হাঁহি দেখিলো-- "নাই, মই নাম নকওঁ!" তেওঁৰ কথা শুনি মোৰ চুটি ফ্ৰেন্সকাট দাড়িয়ে মোক বিন্ধিবলৈ ধৰিলে৷ কিন্তু তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা আৰু বাঢ়ি গ'ল৷ কিমান যে সঁচা কথা- এই মৰা-কটাৰ সময়ত ইয়াতকৈ ডাঙৰ উদাহৰণ একো হ'ব নোৱাৰে৷ এই পৰিচয়টোৰ কাৰণেইতো পৃথক-পৃথক হোৱা বা কৰোৱাৰ বাবে প্ৰৰোচনাৰ সৃষ্টি হয়৷

বাহি বাচনবোৰ পাগঘৰত থোৱাৰ পাছত কৰ্তব্য বুলি ভাবি যেতিয়া সমুখৰ দুৱাৰ জপাবলৈ গ'লো তেতিয়া মহাশয়ে বাধা দিলে-- "বন্ধ নকৰিব, কোনো চিটিকনি বা শলখা লগুৱাটো অসভ্যতা৷ আপুনি আহোঁতে জানো দুৱাৰখন বন্ধ আছিল?"

মহাশয়ৰ মুখত আগৰ নিচিনাই হাঁহি জিলিকি আছিল৷ তেওঁ কেৱল সৰল আৰু বিনোদন প্ৰিয়ই মাথোন নহয়, অত্যন্ত শিক্ষিত আৰু সভ্যও৷ তেওঁক যদি আকৌ লগ পাব পাৰিলোহেতেন! এতিয়াতো সংঘৰ্ষই গেটেই ভূগোলেই সলনি কৰি দিছে৷

বিচনাত আহি বহিলো৷ চাইদ টেবুলত লেম্পৰ কাষত দুটা ৰিমোট আছিল৷ এটাৰ বুটাম টিপিলত এয়াৰ-কন্ডিচনাৰটো চলিল৷ মোৰ অনুমান অনুসাৰেই দ্বিতীয়টো টিভিৰ বুলি প্ৰমাণ পালো৷ টিভি অন হোৱাৰ লগে-লগে ক্ৰিকেট খেলৰ প্ৰসাৰণ দেখা গ'ল৷ মোৰ বাবে এয়া জীৱনত প্ৰথম বাৰৰ বাবে এক অদ্ভুত বিলাসিতা যেন অনুভৱ হ'ল৷

মই লোভনীয় কোমল বিচনাখনত বাগৰ দিলো৷ টোপনিয়ে নিজৰ প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰিছিল৷ তেতিয়াই মোৰ চকু গ'ল দুৱাৰৰ বন্ধ চিটিকনিডাললৈ৷ অহ, তেখেতেতো চিটিকনি লগাবলৈ মানা কৰিছিল৷ মই ভাবিব ধৰিলো, তেখেতৰ মনোভাবৰ প্ৰতি সন্মান জনাই চিটিকনিডাল খুলি দিওঁ নেকি? এনে দোধোৰ-মোধোৰ অৱস্থাত থাকোঁতেই মই দুৱাৰত থপৰিউৱা শব্দ শুনিলো৷ হে ৰাম, কি অনৰ্থ! নিশ্চয় মহাশয়ে চাব বিচাৰিছে মই এজন দুটকীয়া নীচ মানুহ নেকি- যি শালীনতাৰ পৰা সদায় আঁতৰত থাকে? অথবা পঢ়া-শুনা কৰা সম্ভ্ৰান্ত এক কুলীন ব্যক্তি? বেগাই বিচনাৰ পৰা নামিলো আৰু জোতা বিচাৰিলো৷ এপাত জোতা বিচনাৰ তললৈ সোমাই গ'ল কিজানি৷ চাবলৈ তললৈ হাউলি দিওঁতে কিবা এটা কাণত পৰাত মনটো টিভিলৈ আকৰ্ষিত হ'ল৷ বিচনাৰ পৰা উঠাৰ সময়ত ৰিমোটৰ কোনোবাটো বুটাম টিপা যোৱাত চেনেল সলনি হৈ গৈছিল৷ টিভিত ঘোষকে কৈ আছিল- ".. এই পাগলজনৰ ৰং বগা, ওখই ছয় ফুট তিনি ইঞ্চি ৷  এই কুখ্যাত হত্যাকাৰী আৰু মানসিক ৰোগী অৰ্ধেন্দু সান্যাল তৃতীয় বাৰৰ বাবে জেলৰ পৰা পলায়ন কৰিছে৷ বাঙ্কুৰা বা আশে-পাশে কোনো গাৱঁত লুকাই থাকিব পাৰে..."

মোৰ এনেকুৱা লাগিল যেন গোটেই কোঠাটো ঘূৰিব ধৰিছে- ছয় ফুট তিনি ইঞ্চিৰ বগা ৰঙৰ পাগল...জেলৰ পৰা পলোৱা...আগতে ইমান ঘাম ওলোৱা মোৰ মনত নপৰে৷ জোতাৰ কথা পাহৰি গ'লো৷ ঘোষকজনে কৈ গ'ল.." এই চৰম অৱহেলাৰ বাবে জেলৰ কৰ্তব্যৰত কৰ্মচাৰী আৰু...."

মাত স্পষ্ট নাছিল কিন্তু দুৱাৰত হোৱা থপ-থপ ঘনাই হবলৈ আৰম্ভ কৰিছিল৷

===============================================
মূল (হিন্দী): কেশৱ পান্ডে
অনু: ড০মাখন লাল দাস 
                                                  ***

मंगलवार, 2 अप्रैल 2013

लकड़-बिल्ला


 लकड़-बिल्ला 
यदि आपसे प्रश्न करूं कि- कोई हो- मगर नहीं हो’. अथवा कुछ नहीं हो- फिर भी हो  तो शायद आप झुंझला कर कहें कि ऐसी सुघर, कर्ण-प्रिय और बुद्धि-विदारक प्रश्नावली रच सकते हो, तो क्यों न जाकर परम-पूज्य 1008 स्वामी श्री अमुक जैसा कोई आश्रम ही खोल लेते?  पूरे देश की जनता-जनती अपने घरों में जूठा बर्तन और मैला बिस्तर छोड़, ताला मार कर तुम्हारी सभा में आ बैठेगी और चकाचक दूकान चल निकलेगी.
परन्तु मुझे इस उलझावली में सुरेश के बच्चे ने डाला था.  कल गर्मी से त्रस्त होकर ठन्डा लेने के लिये पानवाले को पचास का नोट देते हुए अपना पंजा दिखाया ही था कि सिगरेट लेने के लिए एक युवक दूकान पर आ गया. उसने पैसे देते हुए अपना दायाँ हाथ बढ़ाया, तो मैंने उसके हाथ पर बने घाव के निशान  को देख लिया.  मेरी आखों के सामने लगभग पन्द्रह वर्ष पुराना दृश्य उभर आया और मैं उछल पड़ा-
अरे सुरेश! ... तुम सुरेश ही हो न?थोड़ी  देर की चुप्पी के बाद सिर को झटका कर, पान के पीक की पिचकारी मार कर वह बोला- नहीं, मैं छुरेछ नहीं हूँ.
मैने उसकी ओर देखा तो लगा कि वह अपने दिमाग पर जोर डालने की कोशिश में लगा था. मैं उसकी मदद करते हुए बोला- अरे भाई मैं चन्दर हूं, चन्दर! पहचाना नहीं?  तुम मुझे पन्द्रह साल बाद मिले हो तो क्या हुआ, मैंने तुम्हारे हाथ पर बने निशान  को देखते ही पहचान लिया.  भला मैं कैसे भूल सकता हूं-  तुम एक दिन जंगल में अकेले चले गए थे और तुम्हें किसी लकड़-बग्घे ने हाथ में काट लिया था.
वह मिच-मिचाती आखों से मुझे देखता बोल पड़ा- तुम्हें ठीक छे याद नहीं आ रहा. मुझे किछी लकड़-बग्घे ने नहीं, एक लकड़-बिल्ले ने काटा था. और, छुरेछ ...''  मैं शहर में रहता-रहता सॉरी  बोल कर बात को सम्भालना सीख गया था.  बोल पड़ा- सॉरी यार सुरेश पहले ठन्डा पीते हैं, फिर जी भर कर बातें करेंगे.  हमारी ओर देख रहे पनवाड़ी को मैंने दोनों हाथों  के पंजे  दिखाए, तो उसने दो ठन्डे पेय की बोतलें पकड़ा दीं.  मैंने अभी पहला घूंट ही भरा था कि लकड़-बिल्ले की बात सोच कर गले में खाँसी का प्रकोप हो गया.  मैंने कण्ठ साफ करते हुए कहा-
भैया सुरेश, यह लकड़-बिल्ला क्या होता है?  लकड़-बग्घा होना तो सुना था, लेकिन यह लकड़-बिल्ला?”  वह बोला- बात यह है कि मुझ पर जिछ  जानवर ने हमला किया था, वह किछी  पेड़ छे कूदा था. मै अच्छी तरह नहीं देख पाया था, फिर भी वह कद में लकड़-बग्घे छे बहुत नीचे, लेकिन किछी बिल्ले छे ऊपर था. अब तुम्ही कहो कि उछको  क्या कहूं, लकड़-बिल्ला नहीं तो और क्या?
 उसकी बात सुन कर मैं सोच में पड़ गया- जो नहीं हो, फिर भी हो ...' अच्छा हुआ, मैं ठण्डा पी रहा था.  अन्यथा, एक पल के लिए तो ऐसा लगा था कि मैं पन्द्रह सालों के बाद मिले उस सुरेश, बगल में खड़े अपने स्कूटर और पनवाड़ी के पास बाकी बचे पैसे- सब-कुछ छोड़ कर सन्यासी हो जाऊं. लेकिन ठन्डे पेय ने मन बौराने के ऊपर काबू पा लिया और मैं फिर से सुरेश को लम्बे बिछोड़े के बाद मिले हुए यार  की तरह देखने लगा.  मुझे कुछ अटपटा लग रहा था, सो लगातार मैं अपनी स्मरण-शक्ति की परीक्षा लेने में लगा हुआ था. जैसे ही पास होने की सूचना मिली, मैने पूछ लिया-
लेकिन सुरेश, तुम्हारे दांत तो मुंह से बहुत बाहर थे! अब बिलकुल सही और ठीक-ठाक लग रहे हैं, यह कैसे हुआ?  मुझे लगा वह ठन्डे पेय को पीने के साथ-साथ खा भी रहा है.  जबड़े को किटकिटाता सा बोला- क्या बात कर रहे हो, मेरे दाँत तो बचपन छे ही मुंह के अन्दर थे.  बाहर होते भैया जी, तो मैं खाता-पीता कैछे?  मुझे समझ में नहीं आया कि मेरा प्रश्न पूछने का ढंग गलत था अथवा उसका ऊत्तर देने का, मैंने बात का विषय बदल दिया-
छोड़ो इस बात को,  उस हकलाने वाले गोपी का क्या हाल है?  पाँचवी क्लास से ऊपर गया भी सही, कि ...'' वह मेरी बात काटता बोला- हकलाता तो वह अमर चौधरी था, और रहा गोपी- छो उछके पाछ तो बी. ए. की डिग्री है.  लेकिन हां, यह बात दूछरी है कि वह लकड़-बी.ए.' है.  कहना समाप्त कर वह खाली हो चुकी बोतल की तली में कुछ ढूंढ़ने लगा. अब तक सुरेश की लकड़-बाजी किसी सोटे की तरह मेरी पीठ पर सटाक-सटाक बरसने का काम करने लगी थी.  मैंने तनिक आहत स्वर में पूछा-
अरे भाई सुरेश, यह अब लकड़-बी.ए. क्या हुआ भला?  उत्तर में वह बोला- गोपी के मामा परीक्षा-केन्द्र के इन्चार्ज थे, परीक्षा में उछकी जगह पर राजेन्द्र को बिठा दिया था. अब तुम्ही देखो - अब गोपी के पास अगर डिग्री है तो वह बी.ए. कहलाएगा ही.  लेकिन, परीक्षा में उछकी जगह कोई और बैठा था, वह तो बी. ए. पाछ  नहीं हुआ न! बोलो, अब वह लकड़-बी.ए. नहीं तो क्या है?”  यह उत्तर उसने मुझे सीधी आंखो से देखते हुए दिया था- जिनमें मेरे लिए तरस के भाव थे!

सिगरेट पीने वालों की जो स्थिति हो जाती है, मेरी भी हो चुकी थी. मैने एक पनामा का सिगरेट लेकर सुलगाया तो मन में छाए धुएं के बादल बिखरने-छितराने लगे. ध्यान आया तो पूछ लिया- अरे भाई, सिगरेट के लिए पूछा ही नहीं तुम... वह मेरी बात काटता हुआ पनवाड़ी से बोला, ऊल्छ की छिगरेट देना.  मैं जब तक इस नए ब्रांड के विषय में सोचता, पनवाड़ी विल्स की डिब्बी खोलने लगा.  सुरेश ने पनवाड़ी को मीठी झिड़की दी, डिब्बी को खोल क्यों रहे हो? पनवाड़ी ऐसे विशिष्ट ग्राहकों के लिए लिए तरसते रहते हैं.  उसने पैकेट को आगे बढ़ाया तो थामता हुआ सुरेश बोला- लाइटर नहीं रखते क्या?”  पनवाड़ी ने ऊत्तर दिया, हाँ, रखा है लाइटर भी. कौन सा दूं?कहते हुए उसने आठ-दस लाईटर निकाल लिए.  जब सुरेश ने दस, बारह और बीस वाला छोड़ कर पैंतीस रुपए का लाइटर पसन्द किया तो मैने पिछले हफ्ते खरीदी अपनी कलाई घड़ी पर एक उड़ती नज़र डाली.  उसने उंगलियों को मोड़ कर पाइप की शक्ल दी और सिगरेट सुलगा ली.  सिगरेट का धुआँ मेरे मुँह पर छोड़ कर ऐसी दृष्टि डाली कि मेरा दिमाग लकड़ाने लगा. मैने ठान लिया कि अब कोई प्रश्न नहीं करूंगा, क्योंकि उत्तर परेशान  कर रहे थे-
छोड़ो इसकी-उसकी, गाँव की कुछ बातें ही बताओ.  वह धुएं के गोले के अन्दर दूसरा गोला डालने में सफल हो गया था, बोला- गाँव पर छब ठीक ही है. हाँ, पिछले छाल लछमन एक एक्छिडेंट  में मारा गया. विचारा छायिकिल छे से जा रहा था कि पीछे छे बछ ने टक्कर मार दी. कोई लकड़-ड्राईवर था, क्योंकि वह बछ तो चार छालों छे चला रहा था; लेकिन उछके पाछ लाईछेन्छ नहीं था.  विचारा लछमन!' मुझे किसी लछमन की याद नहीं आ रही थी.  हाँ- शत्रुघ्न अवश्य ध्यान में आ गया,  मैंने झट पूछ लिया- अरे, शत्रुघ्न प्रसाद का क्या हाल है, वही नथूनी पहलवान का बेटा?
पहलवान? तुम कहीं उछ लकड़-पहलवान छुदामा की बात तो नहीं कर रहे? बिचारा अब अन्धा हो गया है. उछ्की आँख में फुन्छी हुई तो डाक्टर के पाछ चला गया. एक हफ्ते के ईलाज़ के बाद उछके आँखों की रौछनी जाती रही. कोई लकड़-डाक्टर मिल गया था बिचारे को! अब तक उसकी बातें सुन-सुन कर मैं मर्म तक पहुंचने के क़रीब हो चला था, इसलिए लकड़-डाक्टर का अर्थ नहीं पूछा. उधर सुरेश था कि बोले जा रहा था- आगे की खबर है कि बेचारे अछरफी छिन्ह के यहां पूजा-पाठ और मान-मनौव्वत के बाद एक छन्तान हुई भी, तो वह लकड़-बेटा  निकला!  हफ्ते भर बाद ही हिजड़ों को खबर लग गयी, और वे गाते-बजाते उछे अपने छाथ लेकर चले गए.  मुझे लगा कि चक्कर आ जाएगा, मैने पान-वाले की गुमटी में लगी चेन को थाम लिया.  अब मैं बात का रूख़ बदलना चाहता था, पान खाने की तलब उठी. सुरेश ने पूछने पर मीठे पान की फरमाईश की तो पनवाड़ी सुरेश के लिए बीड़ा बनाने लगा.  मै तो सादी-पत्ती तम्बाकू का पान खाता हूँ, मुझे नहीं पता था कि पानवाले गरम-मसाले भी रखते हैं.  सुरेश के पान का बीड़ा था कि बंधने को तैयार नहीं था, वह बोले जा रहा था- “... वो काले वाली ... मछूर की दाल जैछी गोली डाल दो ... मुलैठी रखते हो? पहले वाले पान मे गुलकन्द बहुत कम था ... थोड़ा छा किवाम भी... नहीं, कुछ नहीं होगा, छब डाल दो...  मैंने अपना मुँह घुमा लिया था, लेकिन कनखियों से देख रहा था कि पनवाड़ी बार-बार मेरी ओर देखे जा रहा है.  हम-दोनों के बीच जैसा मूक सम्वाद चल रहा था, वह किंचित भी सार्वजनिक करने योग्य नहीं है.  पनवाड़ी ने मेरी ओर देखना बन्द कर दिया था.  एक मूक मानसिक-हन्त को कोई अपनी मुखरता से सबक पहुँचा रहा था.  जब सुरेश  ने थोड़ा और पिपरमेन्ट कहा तो उसकी क्षीण पड़ रही बोलती फिर चालू हो गयी, बाबूजी, हम तो डालिए देंगे, लेकिन फिर बीड़ा बन्धेगा नहीं.  सुरेश देखने में जितना सीधा लगा था, उतना था नहीं-  उसने पान को काट कर दो हिस्सों में खाया और मेरे अनुमान ने एक गंभीर धक्का.  बीस मिनट के बाद जब कुछ हल्कापन दिखा तो सुरेश  से बोला-
आजकल चुनावी माहौल है, किसकी लहर चल रही है?  सुरेश तनिक सीरियस होते, अपनी दाढ़ी खुजाता बोला-
लगता है, जनता लकड़ मुख्य-मन्त्री छे नाराज़ है. बहुत हुआ नौटंकी देखते-देखते.  मैं कुछ समझा, कुछ नहीं समझा;  बोल पड़ा- यह लकड़ मुख्य-मन्त्री कौन है, सुरेश?
उसने बोलने के लिए मुंह खोला तो पिछली बार की तरह इस बार होशियारी ने साथ नहीं दिया और वह गरदन से लेकर जाँघ तक पीकमय हो गया-
अपने प्रदेछ का कौन मुख्य-मंत्री है, बोलो? पूरे देछ को पता है, मीडिया छे लेकर राजनेता तक खुले-आम इस बात को कहते हैं.  किछे नहीं पता कि मुख्य-मन्त्री क्या होता है, और कौन क्या है!  अरे भाई, कबूतर ने बिल्ली को देख कर आँखें बन्द की हैं, बिल्ली की तो खुली हैं ना!  लोग-बाग इतने भी नहीं गए-बीते कि छामने की छच्चाई को नहीं समझें. यहां तो बात भी है दो-दो लकड़ मुख्य-मन्त्रियों की.  एक पत्नी - जो है, मगर नहीं है. ऊधर पति, जो नहीं है- फिर भी वही है! पूरा प्रान्त जैसे लकड़-राजनीति में उलझ गया है.
पान में चूना बहुत तेज़ था, मेरी जीभ कट गई.  मैंने पान उगलते हुए पानवाले को डाँट लगाई-
क्या लकड़-पान लगाया है तुमने, पूरी जीभ का सत्यानाश हो गया.  मै जल्दी में बोल तो गया, परन्तु अपने मुहावरे पर चकित रह गया. मुझे लगा कि अब उस सुरेश के बच्चे से पीछा छुड़ाना बहुत आवश्यक है, मैंने ज़ेब से अपना विजिटिंग कार्ड निकाल कर उसे थमाते हुए कहा-
फोन पर बातें करेंगे, मेरा कार्ड रख लो. अपना कार्ड भी दे दो, अभी चलता हूं, ज़रा ज़ल्दी है.  मेरा कार्ड अपनी ज़ेब में रखकर, जब एक काग़ज पर अपना नाम और पता लिख कर दिया, तो पढ़कर मैं चौंक गया-
तुम ... सुरेश नहीं हो?... इस पर तो हरिराम लिखा है.  वह एक कश लेकर फेंके हुए सिगरेट के टुकड़े पर अपना जूता रगड़ता इतमीनान से बोला-
मैं छुरेछ नहीं, लकड़-छुरेछ हूं.  मैंने पूरा जोर लगा कर यह बात तुम्हें बतानी चाही, लेकिन तुम मेरी बोलती  बार-बार बन्द करते रहे.  तुम सुरेछ कह कर बुलाए जा रहे हो तो क्या करूं मैं छुरेछ नहीं हूं, मगर तुमने तो छुरेछ छमझ कर बात की. एक तरफ नहीं होकर भी मैं छुरेछथा, तो दूछरी ओर छुरेछ होते हुए भी नहीं था; क्योंकि मैं हरिराम चौरछिया हूं - लकड़-छुरेछ.
ख़ैर छोड़िए, जाने दीजिए पूरे किस्से को. मैं लिखना बन्द करने की आज्ञा चाहूंगा, मैं भी एक लकड़-लेखक हूं!  मैं एक लेखक होते हुए भी सच्चे मायने में नहीं हूं... उधर माना कि लेखक नहीं हूँ, फिर भी लिख तो रहा हूँ...

*****
                                                    कैसी लगी आपको, प्रतिक्रिया अवश्य दें.